৩১ মাৰ্চ (ইংৰাজী: 31 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯০তম (অধিবৰ্ষত ৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৫টা দিন বাকী থাকে।
- ১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল।
- ১৮৬৭- বোম্বাইত (বৰ্তমানৰ মুম্বাইত) প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল।
- ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়।
- ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।
- ১৯৮৩- কলোম্বিয়াৰ চহৰ পোপায়নত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০জন ব্যক্তিৰ মৃত্যু হৈছিল।
- ১৯৮৬- মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল।
- ১৫৯৬ - ৰেনে ডিকাৰ্ট, ফৰাচী দাৰ্শনিক আৰু আধুনিক দৰ্শনৰ জনক, গণিতজ্ঞ, বিজ্ঞানী। (মৃ.১১/০২/১৬৫০)
- ১৮৬৫ - আনন্দীবাঈ যোশী, প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক।
- ১৯১৪ - অক্টাৱিয়' পাছ, সাহিত্যত ন'বেল বিজয়ী (১৯৯০) মেক্সিকান কবি।
- ১৯২৮ - মেদিনী চৌধুৰী, অসমীয়া সাহিত্যিক।
- ১৯৩৪ - কমলা দাস, ভাৰতীয় কবি।
- ১৯৩৮ - শীলা দীক্ষিত, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৪৫ - মীৰা কুমাৰ, লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ (ভাৰত)।
- ১৯৫০ - হলধৰ নাগ, ভাৰতীয় কবি।
- ১৯৫১ - ফিৰডৌছি কাদ্ৰি, বাংলাদেশী বিজ্ঞানী।
- ১৯৫৬ - উপেন্দ্ৰনাথ ব্ৰহ্ম, অসমীয়া ৰাজনীতিবিদ।
- ১৯৮২ - ক্লৱি ঝাও, চীনা ছবি-নিৰ্মাতা।