সমললৈ যাওক

২৩ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭  ২৮ 
২৯ ৩০ ৩১  

২৩ ডিচেম্বৰ (ইংৰাজী: 23 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৭তম (অধিবৰ্ষত ৩৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৫৪ - বিশ্বত প্ৰথমবাৰৰ বাবে বৃক্ক সংৰোপণ কৰা হয়। এই বৃক্ক সংৰোপণ বষ্টনত থকা ব্ৰিঘাম চিকিৎসালয়ত কৰা হৈছিল। চিকিৎসক যোচেফ মুৰে, জে হাৰ্টৱেল হেৰিচন, জন পি মেৰিল আৰু অন্যান্যসকলে এই কাৰ্য সম্পন্ন কৰিছিল।
  • ২০০৭ - নেপাল ৰাষ্ট্ৰত ৰাজতন্ত্ৰৰ বিলুপ্তি ঘটাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে চুক্তি স্বাক্ষৰিত হয়।
  • ২০১৮ - বিধ্বংসী ছুনামিৰ ফলত ইণ্ডোনেছিয়াত দুই শতাধিকতকৈ অধিক লোকৰ মৃত্যু, আহত অসংখ্য, পাঁচ শতাধিক গৃহ ধ্বংস।
  • ২০১৯ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল যোগাযোগ আয়োগৰ মুখ্য প্ৰযুক্তি বিষয়াৰ পদত অসমৰ বোৱাৰী ড° মনীষা ঘোষ। ড° ঘোষ অসমৰ বিশিষ্ট সাহিত্যিক ড° অমলেন্দু গুহ আৰু ড° অনিমা গুহৰ বোৱাৰী। উল্লেখযোগ্য যে তেৱেঁই এই পদত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী মহিলা। এই ফেডাৰেল যোগাযোগ আয়োগে দেশখনৰ ৰেডিঅ', টেলিভিছন, ৱায়াৰ, ছেটেলাইট আৰু কেবল সম্প্ৰচাৰ নিয়ন্ত্ৰণ কৰে।
  • ১৮৪৫ - ছাৰ ৰাশবেহাৰী ঘোষ, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজসেৱক আছিল। ঘোষ দুটা কাৰ্যকালৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথমে ১৯০৭ চনৰ চুৰাট অধিবেশনত দাদাভাই নৰৌজীৰ পিছত আৰু তাৰ পিছৰ বছৰ ১৯০৮ চনৰ মাদ্ৰাজ অধিবেশনত। ইয়াৰ উপৰি ঘোষ বংগ বিধান পৰিষদ (১৮৯১-৯৪, ১৯০৬-৯) আৰু ভাৰতীয় পৰিষদৰ সদস্য আছিল। তেওঁ ১৮৯৬ চনৰ নৱবৰ্ষ সন্মানত কম্পেনিয়ান অৱ দ্য অৰ্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ (CIE) হিচাপে নিযুক্ত হৈছিল আৰু ১৯০৯ চনৰ জন্মদিনৰ সন্মানত ভাৰতীয় অৰ্ডাৰ অফ দা ষ্টাৰ (CSI)ৰ সহযোগী হিচাপে নিযুক্ত হৈছিল। ১৯১৫ চনৰ নৱবৰ্ষ সন্মানত তেওঁক নাইট উপাধি প্ৰদান কৰা হয় আৰু সেই বছৰৰ ১৪ জুলাইত নাইটহুড প্ৰদান কৰা হয়। মৃত্যু ২৮ ফেব্ৰুৱাৰী, ১৯২১।
  • ১৮৫৩ - কমলাকান্ত ভট্টাচাৰ্য, অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ এগৰাকী বিশিষ্ট লেখক আৰু কবি। অবিভক্ত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ গড়েহাগী গাঁৱত তেওঁৰ জন্ম হয়। তেওঁ অগ্নিকবি নামেৰে জনপ্ৰিয় আছিল। ৰাজনৈতিকভাৱে তেওঁ শক্তিশালীভাৱে জাতীয়তাবাদী আছিল। তেওঁ ১৮৭১ চনত বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ বিৰোধিতা কৰিছিল। ১৮৮৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক সভাত তেওঁ অসমৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। ১৯২৯ চনত অসমৰ যোৰহাট জিলাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ ১৯০৫-০৬ চনত স্বদেশী আন্দোলনতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল— "চিন্তাশীল", "চিন্তাতৰংগ", "অষ্টবক্ৰ", "অষ্টবক্ৰৰ আত্মজীৱনী" ইত্যাদি। মৃত্যু ১৪ ডিচেম্বৰ, ১৯৩৬।
  • ১৯০২ - চৌধুৰী চৰণ সিং, ভাৰতবৰ্ষৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী আৰু এগৰাকী বুৰঞ্জীবিদ। তেওঁ ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৪ জানুৱাৰী ১৯৮০ চনলৈ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মানুহে তেওঁক সঘনাই ভাৰতৰ কৃষকসকলৰ চেম্পিয়ন বুলি উল্লেখ কৰে। চৰণ সিঙে জৱাহৰলাল নেহৰুৰ ছোভিয়েট শৈলীৰ অৰ্থনৈতিক সংস্কাৰৰ বিৰোধিতা কৰিছিল। সেই সময়ত চৰণ সিঙৰ অভিমত আছিল যে সমবায় ফাৰ্মসমূহ ভাৰতত সফল নহ'ব। এজন কৃষকৰ পুত্ৰ হোৱাৰ বাবে, চৰণ সিঙে মত প্ৰকাশ কৰিছিল যে খেতিয়ক হৈ থকাৰ ক্ষেত্ৰত কৃষকৰ বাবে মালিকীস্বত্বৰ অধিকাৰ গুৰুত্বপূৰ্ণ। তেওঁ কৃষকৰ স্বত্বাধিকাৰীত্বৰ এটা প্ৰণালী সংৰক্ষণ আৰু স্থিৰ কৰিব বিচাৰিছিল। নেহৰুৰ অৰ্থনৈতিক নীতিক মুকলিকৈ সমালোচনা কৰাৰ ফলত চৰণ সিঙৰ ৰাজনৈতিক কেৰিয়াৰ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়। মৃত্যু ২৯ মে', ১৯৮৭।
  • ১৯২৯ - আচাৰ্য ইলাৰাম দাস, একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, সুবক্তা, সাধক পণ্ডিত আৰু সমাজ সংস্কাৰক। মৰিগাঁও চহৰৰ পূব দিশত জালুগুটি নামৰ এখন ভিতৰুৱা গাঁৱত আচাৰ্য ইলাৰাম দাসৰ জন্ম হৈছিল। শান্তিপূৰ্ণ সহাবস্থানৰ বাবে সকলো সম্প্ৰদায়ৰ প্ৰতি এক সাৰ্বজনীন স্বীকৃত আধ্যাত্মিক সংস্কাৰক হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁ স্থানীয় প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰিছিল আৰু ১৯৪৫ চনত অঞ্চলটোৰ পৰা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম শিক্ষাৰ্থী আছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শনৰ নীতি আৰু ধাৰণা সূক্ষ্ম ভাৱে বিশ্লেষণ কৰি তেওঁৰ সহজ ব্যাখ্যা , আকৰ্ষণীয় ভাষ্য আৰু উল্লেখনীয় সাংগঠনিক দক্ষতাৰে তেওঁৰ দ্বাৰা পৰিচালিত এক শৰণ নামধৰ্ম সমাজক এক অতিৰিক্ত বিশ্বজনীন মাত্ৰা প্ৰদান কৰিছিল।
  • ২০০০ - নুৰ জাহান, পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী।
  • ২০০৪ - পি ভি নৰসিংহ ৰাও। এগৰাকী ভাৰতীয় আইনজ্ঞ, ৰাজনীতিবিদ তথা ভাৰতৰ নৱমগৰাকী প্ৰধানমন্ত্ৰী। তেখেতে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ ভাৰতৰ ৯ম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ অৰ্থনীতিত বিভিন্ন উদাৰ সংস্কাৰ প্ৰৱৰ্তন কৰাৰ বাবে জনাজাত। প্ৰধানমন্ত্ৰীপদত তেওঁৰ আধিপত্য ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ আছিল কাৰণ তেওঁ অ-হিন্দী ভাষী অঞ্চলৰ পৰা এই কাৰ্যালয়ৰ দ্বিতীয়জন আৰু দক্ষিণ ভাৰতৰ (সংযুক্ত অন্ধ্ৰ প্ৰদেশ) প্ৰথমজন লোক আছিল। তেওঁ এক গুৰুত্বপূৰ্ণ প্ৰশাসনৰ নেতৃত্ব দিছিল, এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক পৰিৱৰ্তন আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাপ্ৰভাৱিত কৰা কেইবাটাও ঘৰুৱা ঘটনাৰ তত্বাৱধান কৰিছিল। ৰাওৱে সেইসময়ত অনুজ্ঞাপত্ৰ ৰাজ বন্ধ কৰিবৰ বাবে নিজে দায়বদ্ধ আছিল কিয়নো ৰাজীৱ গান্ধী চৰকাৰৰ অৰ্থনৈতিক সংস্কাৰৰ বিপৰীত আছিল যি বাণিজ্য আৰু উদ্যোগ বিভাগৰ আওতাত পৰিছিল। ইয়াৰ পিছৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং চৰকাৰেও এই নীতিকে বাহাল ৰাখিছিল। তেওঁ ঐতিহাসিক অৰ্থনৈতিক পৰিৱৰ্তন আৰম্ভ কৰিবলৈ ড° মনমোহন সিংক তেওঁৰ বিত্ত মন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল। ৰাওৰ আদেশৰ সৈতে, মনমোহন সিঙে প্ৰায় দেউলীয়া ৰাষ্ট্ৰখনক অৰ্থনৈতিক পতনৰ পৰা উদ্ধাৰ কৰিবলৈ আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ) নীতি ৰূপায়ণ কৰিছিল। ৰাওক চাণক্য বুলিও কোৱা হৈছিল যি সময়ত তেওঁ সংখ্যালঘু চৰকাৰৰ নেতৃত্ব দিছিল তাৰ উপৰি সেই সময়ত তেওঁৰ নেতৃত্বত সংসদত কেইবাখনো অৰ্থনৈতিক আৰু ৰাজনৈতিক আইন প্ৰণয়ন কৰিছিল। জন্ম ২৮ জুন, ১৯২১।
  • ২০১৮ - কামাখ্যা বৰঠাকুৰ, ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী। অইল ইণ্ডিয়াত প্ৰথমে তেওঁ চৌধুৰী এণ্ড কোম্পানী নামৰ এটা প্ৰতিষ্ঠানৰ অধীনত নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল যদিও ১৯৮৪ চনত কামাখ্যা বৰঠাকুৰ এণ্ড কোম্পানী নামেৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল। ১৯৯২ চনত টাটা ডিলাৰশ্বিপ লৈ পৰিবহনৰ ক্ষেত্ৰত নিজৰ ব্যৱসায় বিস্তাৰ কৰে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা এইগৰাকী ব্যৱসায়ে দুলীয়াজানৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
  • ২০২০ - ড° লক্ষ্মীনাথ পৰাজুলি, অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, লেখক-গৱেষক, শিক্ষাবিদ, অসম নেপালী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি। শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিষয় শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা পৰাজুলিয়ে অসমীয়া আৰু নেপালী ভাষাত নিয়মীয়াকৈ লিখা-মেলা কৰি আহিছিল। শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্ৰকাশিত দেশবাৰ্তা কাকতত দীৰ্ঘসময় তেওঁ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। "মাটি আৰু মানুহৰ কবিতা", "দৃষ্টিপাত", "উত্তৰ-পূব ভাৰতীয় নেপালী সমাজ আৰু সাহিত্য", "গৰ্ভ-গীতা" ইত্যাদি কেইবাখনো গ্ৰন্থ ৰচনা কৰি নিজৰ সাহিত্যিক পৰিচয় দাঙি ধৰিছিল। ১৯৪৬ চনত শোণিতপুৰ জিলাৰ শিঙৰিত জন্মগ্ৰহণ কৰা ড° পৰাজুলিয়ে ১৯৯৩ চনত প্ৰতিষ্ঠা হোৱা অসম নেপালী সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু পৰৱৰ্তী তিনিটা কাৰ্যকাল একেৰাহে সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]