৭ অক্টোবৰ (ইংৰাজী : 7 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৮০তম (অধিবৰ্ষ ত ২৮১তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৫টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৫১৩ – দা লীগ অৱ কেম্ব্ৰাইৰ যুদ্ধ : স্পেইনে ভেনিচ ক পৰাস্ত কৰে।
১৮৪০ – ৱিলেম দ্বিতীয় নেডাৰলেণ্ডৰ ৰজা হয়।
১৯১৯ - কেএলএম , ৰয়েল ডাচ্চ এয়াৰলাইনচৰ প্ৰতিষ্ঠা হয়। (আটাইতকৈ পুৰণি বিদ্যমান এয়াৰলাইন)
১৯৪৯ – কমিউনিষ্ট জাৰ্মান ডেমক্ৰেটিক ৰিপাব্লিক (পূব জাৰ্মানী) গঠন হয়।
১৯৫০ - মাদাৰ টেৰেছা ই কলকাতাত মিছনেৰীজ অৱ চেৰিটি স্থাপন কৰিছিল।
১৯৫৯ - ছোভিয়েট ৰাছিয়াৰ লুনা-৩ মহাকাশযানৰ মহাকাশ অনুসন্ধানৰ সৌজন্যত চন্দ্ৰৰ দূৰৱৰ্তী ফাল প্ৰথমবাৰৰ বাবে দেখা গৈছিল।
১৯৯২ - ৰেপিড একচন ফৰ্চ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হৈছিল।
১৯৯৬ – ফক্স নিউজ চেনেলৰ সম্প্ৰচাৰ আৰম্ভ।
২০০২ – আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সমাবেশ অব্যাহত ৰাখিবলৈ এছটিএছ-১১২ স্পেচ শ্বাটল আটলান্টিছে উৎক্ষেপণ কৰে।
২০০৮ – গ্ৰহাণু ২০০৮ টিচি৩ -য়ে চুদানৰ ওপৰত পৃথিৱীক প্ৰভাৱিত কৰে, প্ৰথমবাৰৰ বাবে গ্ৰহাণুৰ প্ৰভাৱ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ আগতে ধৰা পৰে।
১৮৮৫ - নিলছ্ ব'ৰ , কোৱাণ্টাম পদাৰ্থ বিজ্ঞান সম্প্ৰসাৰিত কৰা ডেনিছ পদাৰ্থবিজ্ঞানী আৰু ১৯২২ চনত ন'বেল বঁটা লাভ কৰিছিল। ডেনমাৰ্কৰ ক'পেনহেগেনত জন্মগ্ৰহণ কৰিছিল। (মৃ: ১৯৬২)
১৯১৪ - বেগম আখ্টাৰ , প্ৰসিদ্ধ গজল গায়িকা আৰু অভিনেত্ৰী।
১৯২২ - বলীৰাম ভগত , স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।
১৯৩৯ - বিজয়া চক্ৰৱৰ্তী , অসমৰ এগৰাকী ৰাজনীতিক।
১৯৫২ - ভ্লাদিমিৰ পুটিন , এজন ৰাছিয়াৰ ৰাজনীতিবিদ আৰু প্ৰাক্তন চোৰাংচোৱা বিষয়া যি ২০১২ চনৰ পৰা ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
১৯৬০ - অশ্বিনী ভিড়ে-দেশপাণ্ডে , এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
১৯৬৬ - ৰেণুকা শ্বাহানে , বলীউডৰ চলচ্চিত্ৰ উদ্যোগ আৰু ভাৰতীয় দূৰদৰ্শনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক দূৰদৰ্শন টিভি অনুষ্ঠান সুৰভি (১৯৯৩-২০০১)ৰ সহ-উপস্থাপক হিচাপে জনা যায়।
১৯৭৯ - যুক্তা মুখী , এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাগৰিক কৰ্মী আৰু মিছ ৱৰ্ল্ড ১৯৯৯ ৰ বিজয়ী।
১৯৭৯ - জাহিৰ খান , ভাৰতীয় ক্ৰিকেটাৰ।
১৯৭৫ - ৰাজজ্যোতি কোঁৱৰ , অসমৰ এজন গায়ক আৰু সুৰকাৰ।
১৯৮১ - অভিজিৎ শাৱন্ত , ভাৰতীয় নেপথ্য গায়ক, অভিনেতা আৰু উপস্থাপক।
১৭০৮ – গুৰু গোবিন্দ সিং , ভাৰতীয় দশম শিখ গুৰু। (জন্ম: ১৬৬৬)
১৯৫০ - ৱিলিছ কেৰিয়াৰ , আমেৰিকান অভিযন্তা (আধুনিক শীতা-তাপ নিয়ন্ত্ৰণ বিকাশ কৰা), ৭৩ বছৰ বয়সত মৃত্যু হয়।
১৯৭২ - অনিল বৰা , ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ।
১৯৭৫ - দেৱানাহাল্লি ভেংকটৰমনায়া গুণ্ডাপ্পা , কানাড়া লেখক আৰু দাৰ্শনিক।
২০২০ - মাৰিঅ মলিনা , মেক্সিকান বিজ্ঞানী, ১৯৯৫ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা জয়ী (অ'জ'ন স্তৰৰ ওপৰত চিএফচিৰ (CFC) প্ৰভাৱ), ৭৭ বছৰ বয়সত মৃত্যু হয়।
বিশ্ব মহাকাশ সপ্তাহৰ চতুৰ্থ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
শিক্ষক দিৱস (লাউচ )।