১২ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডিচেম্বৰ ১২ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

১২ ডিচেম্বৰ (ইংৰাজী12 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৬ তম (অধিবৰ্ষত ৩৪৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়।
  • ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল।
  • ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকৰৰ জন্ম হৈছিল।
  • ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ ৰজনীকান্তৰ জন্ম হয়।
  • ১৯৪৮ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াক নৱ ৰাষ্ট্ৰৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]