১৬ ডিচেম্বৰ (ইংৰাজী: 16 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫০ তম (অধিবৰ্ষত ৩৫১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৯৫৭ চনৰ এই দিনটোতে নাটোৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।
১৯৭১ চনৰ এই দিনটোতে পূৱ পাকিস্তান (বাংলাদেশ) গঠনৰ বাবে চলা যুদ্ধত ভাৰতেও অংশ লৈ পশ্চিম পাকিস্তানৰ সেনাক পৰাভূত কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।
১৯৯১ বৰ্ষৰ এই দিনটোতে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ‘‘এই বাতৰি’’ নামৰ সংবাদপত্ৰখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল।
২০০২ চনৰ এই দিনটোতে বলীউদত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল, দীপান্বিতা শৰ্মাই ১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা চলচ্চিত্ৰজগতত খোজ দিয়ে।