১৭ অক্টোবৰ (ইংৰাজী : 17 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৯০তম (অধিবৰ্ষ ত ২৯১তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৫টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৮৩১ - ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডে ই ডাইনামো আৱিষ্কাৰ কৰে।
১৯১৯ - ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
১৯২০ - ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
১৯৩৭ - মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
১৯৪০ - মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
১৯৭৯ - মাদাৰ টেৰেছা লৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
২০০১ - দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
২০০৩ - শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।
১৮১৭ - ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
১৯০০ - ৰাধাগোবিন্দ বৰুৱা , অসমীয়া সিংহ পুৰুষ।
১৯৪১ - সৰিতা যোশী , ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী।
১৯৪৭ - বৃন্দা কাৰাট , ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ।
১৯৫২ - জাহ্নু বৰুৱা , অসমীয়া চলচ্চিত্ৰ পৰিচালক।
১৯৭০ - অনিল কুম্বলে , ভাৰতীয় ক্ৰিকেটাৰ।
১৯৭৩ - ভগৱন্ত সিং মান , ভাৰতীয় ৰাজনীতিবিদ।
১৯৯২ - কীৰ্তি সুৰেশ , ভাৰতীয় অভিনেত্ৰী।
২০০১ - মনীষ নাৰৱাল , - ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ।
১৮৯০ - লালন , বাংলাদেশৰ দাৰ্শনিক, লেখক।
১৯০৬ - স্বামী ৰামতীৰ্থ , ভাৰতীয় আধ্যাত্মিক গুৰু।
১৯৮৯ - যুগল দাস , অসমীয়া শিল্পী।
২০১৯ - হেলা দাস , অসমৰ ভাস্কৰ্য-শিল্পী।
২০২২ - মাছুম আজিজ , বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।
অসম ক্ৰীড়া দিৱস।
ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (থাইলেণ্ড )।