১৮ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডিচেম্বৰ ১৮ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১৮ ডিচেম্বৰ (ইংৰাজী: 18 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫২তম (অধিবৰ্ষত ৩৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৫৮ - বিশ্বৰ প্ৰথমটো দূৰ-সংযোগ উপগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়।
  • ১৯৭৬ - মৌলিক কৰ্তব্য সমূহে ভাৰতৰ সাংবিধানিক আইন হিচাপে মৰ্যাদা লাভ কৰে।
  • ২০০৬ - সংযুক্ত আৰৱ আমিৰাতত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়।
  • ২০১৪ - ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰক্ষেপণ বাহন জি.এছ.এল.ভি.-III ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে সমাপ্ত কৰে। ইয়াৰ উপৰিও (ইছৰ')য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম'দ্যুল (চমুকৈ ইংৰাজীত কেয়াৰ)‌ৰ পৰীক্ষা সম্পন্ন কৰে।
  • ২০১৮ - বিশ্ব চলচ্চিত্ৰ জগতত অসম আৰু অসমীয়াৰ নাম খোদিত কৰিও একাডেমী এৱাৰ্ডৰ দৌৰত থমকিবলগীয়া হয় ৰীমা দাসভিলেজ ৰকষ্টাৰ্চ
  • ২০১৯ - অসমৰ দুগৰাকী ব্যক্তিলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা। অসমীয়া ভাষাৰ উপন্যাস চাণক্য গ্ৰন্থৰ বাবে ড° জয়শ্ৰী গোস্বামী মহন্তলৈ আৰু বড়ো ভাষাৰ কবিতা পুথি আখাই আথুমনিফ্ৰাই গ্ৰন্থৰ বাবে ড° ফুকন চন্দ্ৰ বসুমতাৰীলৈ এই বঁটা আগবঢ়োৱা হয়।
  • ২০২০ - অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২০ বৰ্ষৰ বীৰংগনা সতী সাধনী বঁটা অসমৰ বিশিষ্ট সমাজসেৱিকা মিনতি বৰঠাকুৰক দিয়াৰ কথা ঘোষণা কৰে।
  • ২০২১ - গুৱাহাটী ৰবীন্দ্ৰ ভৱনত ১১১ সংখ্যক অসমৰ জাতীয় সংগীত ইতিহাস মহোৎসৱৰ সামৰণি অনুষ্ঠান।
  • ২০২২ - কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২২ বৰ্ষৰ চূড়ান্ত খেলখন আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত হয় আৰু আৰ্জেণ্টিনা বিজয়ী হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৭৫৬ - ঘাসীদাস বাবা, সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামী সমাজৰ গুৰু। সৰুৰে পৰা তেওঁ সমাজত প্ৰচলিত পশু বলি আৰু অন্যান্য অশুভ প্ৰথাৰ বিৰোধিতা কৰিছিল। তেওঁ সমাজক এক নতুন দিশ প্ৰদান কৰাত এক অতুলনীয় অৱদান আগবঢ়াইছিল। তেওঁ জীৱনটো সত্যৰ পথত আগবাঢ়ি যোৱাটোৱেই গুৰু ঘাসীদাসৰ জীৱনৰ চূড়ান্ত লক্ষ্য আছিল। গুৰু ঘাসীদাসে "সৎনাম" (অৰ্থাৎ "সত্য") আৰু সমতাৰ ওপৰত আধাৰিত কৰি মালৱাত সৎনামী সম্প্ৰদায় স্থাপন কৰিছিল। গুৰুৰ শিক্ষা আৰু দৰ্শন শিখ ধৰ্মৰ সৈতে একে। গুৰু ঘাসীদাসে "জয়ৎখাম্ভ" নামৰ সত্যৰ প্ৰতীক এটা সৃষ্টি কৰিছিল – বগা ৰং দিয়া কাঠৰ ওপৰত বগা পতাকা। গাঁথনিটোৱে এজন বগা মানুহক সূচায় যি সত্যঅনুসৰণ কৰে "সৎনাম" সদায় স্থিৰ আৰু সত্যৰ স্তম্ভ। বগা পতাকাই শান্তি ৰক্ষা কৰে। মৃত্যু ১৮৫০।
  • ১৮৫৬ - জোছেফ জন টমছন, ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু ১৯০৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী। পাৰমাণৱিক কণা ইলেক্ট্ৰনৰ আৱিষ্কাৰক। এইটোৱেই আৱিষ্কাৰ হোৱা প্ৰথম উপ-পাৰমাণৱিক কণা। টমছন এজন শিক্ষকো আছিল আৰু তেওঁৰ কেইবাজনো গৱেষক ছাত্ৰই ন'বেল বঁটা লাভ কৰিছিল। মৃত্যু ৩০ আগষ্ট, ১৯৪০।
  • ১৮৮৫ - অম্বিকাগিৰি ৰায়চৌধুৰী, অসমীয় কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। তেওঁক অসম কেশৰী নামেৰেও জনা যায়। ১৯২১ চনত অসহযোগ আন্দোলনত যোগ দি দুবছৰ জেল খাটে। জেলত থকা সময়ছোৱাত বহুতো গীত লিখিছিল যিবোৰ পাছত ড° বাণীকান্ত কাকতি আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই ইংৰাজীলৈ অনুবাদ কৰি ১৯৪২ চনত Songs of the Cell নামেৰে প্ৰকাশ কৰিছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ মহাসভাৰ বাবে তেওঁৰ বিখ্যাত গীত বন্দো কি ছন্দেৰে ৰচনা কৰে। ১৯২৭ চনত গুৱাহাটী সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু সেই একে বছৰতে তেখেত আছিল অসমীয়া সংৰিক্ষণী সভা প্ৰতিষ্ঠা কৰে। ১৯৩২ চনত ইয়েই অসম জাতীয় মহাসভালৈ পৰিণত হয়। অসমক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ১৯২৭ চনত গুৱাহাটীত কামৰূপ মায়াবিনী কেমিকেল ৱৰ্কচ প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহৰ ভিতৰত— "ডেকা ডেকেৰীৰ বেদ(১৯৪২)", "আহুতি(১৯৫৪)", "অনুভূতি (১৯৫৪)", "বেদনাৰ উল্কা(১৯৬৪)", "মোৰ জীৱন ধুমুহাৰ এছাটি(১৯৭৩)" ইত্যাদি। মৃত্যু ২ জানুৱাৰী, ১৯৬৭।
  • ১৯৪৬ - ষ্টীভেন এলেন স্পিলবাৰ্গ, এগৰাকী আমেৰিকা চিত্ৰনাট্য লেখক, হলীউড চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। নিউ হলীউড যুগৰ এজন মুখ্য ব্যক্তি আৰু আধুনিক ব্লকবাষ্টাৰৰ পথপ্ৰদৰ্শক। তেওঁ হলীউডৰ সৰ্বকালৰ আটাইতকৈ ব্যৱসায়িকভাৱে সফল পৰিচালক। স্পিলবাৰ্গে এতিয়ালৈকে তিনিটাকৈ অস্কাৰ বঁটা, এটা কেনেডি চেণ্টাৰ সন্মান, এটা চেচিল বি ডিমিল বঁটা আৰু এটা এএফআই লাইফ এচিভমেণ্ট বঁটা। ইতিমধ্যে তেওঁৰ সাতখন চলচ্চিত্ৰ লাইব্ৰেৰী অৱ কংগ্ৰেছৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীত অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৯৩ চনৰ ৯ জুনত স্পিলবাৰ্গৰ পৰিচালনাত মুক্তি পোৱা বিজ্ঞান কল্পকাহিনীৰ থ্ৰিলাৰ চলচ্চিত্ৰ জুৰাচিক পাৰ্ক সেই সময়ত সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ আছিল। এইখন চলচ্চিত্ৰ হলোকষ্ট আৰু চিণ্ডলাৰৰ নাটক তালিকাত (দুয়োখন ১৯৯৩) অন্তৰ্ভূক্ত হোৱা চলচ্চিত্ৰসমূহৰ ভিতৰত এখন আছিল।
  • ১৯৭১ - বৰ্খা দত্ত, এগৰাকী ভাৰতীয় দূৰদৰ্শনৰ সাংবাদিক আৰু লেখক। তেওঁ এনডিটিভি আৰু তিৰাঙ্গা টিভিত প্ৰতিবেদক আৰু বাতৰি সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ 'মোজো ষ্টৰী' নামৰ নিজৰ ডিজিটেল সংবাদ চেনেল চলায়। তেওঁ হিন্দুস্তান টাইমছ আৰু দ্য ৱাশ্বিংটন পোষ্টৰ এগৰাকী স্তম্ভলেখক। ১৯৯৯ চনত সংঘটিত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সংবাদ পৰিবেশনৰ এগৰাকী আগশাৰীৰ প্ৰতিবেদক আছিল। বৰ্খা দত্তক ভাৰতীয় চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

মৃত্যু[সম্পাদনা কৰক]

  • ১৬৪৫ - নুৰ জাহান, মোগল সম্ৰাট জাহাঙ্গীৰৰ বিংশতম তথা শেষৰগৰাকী পত্নী
  • ২০১৩ - যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, এগৰাকী অসমীয়া শিক্ষাবিদ, সাহিত্যিক আৰু সাংবাদিক। নগাঁও জিলাৰ জখলাবন্ধা অঞ্চলৰ বাসিন্দা বৰগোহাঞিয়ে জে বি কলেজত অৰ্থনীতিৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৯২ চনত তেওঁ গুৱাহাটীলৈ আহে আৰু এখন স্থানীয় দৈনিক বাতৰি-কাকতত সম্পাদক হিচাপে যোগদান কৰে। তেতিয়াৰ পৰা, তেওঁ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত সেৱা আগবঢ়াইছিল। শেহতীয়াকৈ তেখেতে চহৰ ভিত্তিক এখন অনলাইন কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু বৰগোহাঞিৰ দ্বাৰা বঙালী ভাষাৰ পৰা অনূদিত দেৱীপ্ৰসাদ চট্ট্যোপাধ্যায়ৰ 'লোকায়ত দৰ্শন' নামৰ গ্ৰন্থখনৰ বাবে তেওঁ ২০০৯ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে। ৪৫খনকৈ গ্ৰন্থ ৰচনা কৰা বৰগোহাঞিয়ে ১৫০টাতকৈও অধিক গল্প কেইবাটাও ভাষাত ৰচনা কৰিছিল। তেওঁৰ কেইখনমান গ্ৰন্থৰ নাম হ'ল — "অসমৰ অৰ্থনৈতিক ইতিহাস", "অসমৰ সাংস্কৃতিক ইতিহাস ( ১৯৯১ চনত এই গ্ৰন্থৰ বাবে বিষ্ণু ৰাভা বঁটা)", "অসমৰ উৎসৱ আৰু পূজা", "অসমৰ সাংস্কৃতিক ইতিহাস- প্ৰথম খণ্ড", "অসুৰ সভ্যতাৰ পৰা গোলকীয় দুষ্কৃতিলৈ", মুংডুন চুন খাম এটি সপোনৰ নাম", "ইকেৰাচৰ ডেউকা", "পৃথিৱীৰ মৰম", "একুৰিয়ামত বন্দী মাছ" ইত্যাদি। জন্ম ৮ ছেপ্তেম্বৰ, ১৯৫০।
  • ২০২১ - ড° নন্দিনী বৰুৱা শৰ্মা, এগৰাকী অসমৰ আন্তৰ্জাতিক টেবুল-টেনিছ খেলুৱৈ। ১৯৭০ চনৰ সময়ছোৱাত খুব কম বয়সতে ৰাজ্যিক স্তৰৰ টেবুল-টেনিছ প্ৰতিযোগিতাত ছোৱালী আৰু মহিলা শাখাত চেম্পিয়ন হৈ নিজৰ পাৰদৰ্শিতা দাঙি ধৰিছিল। ১৯৭৪ চনৰ টেবুল-টেনিছ প্ৰতিযোগিতাত ছোৱালীৰ শাখাত পদ্মাৱতী ট্ৰফী বিজয়েৰে উচ্চ সন্মান বুটলিছিল। তেওঁ হৈছে জাপানত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপ টেবুল-টেনিছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈদিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বৰুৱা শৰ্মাই অসম টেবুল-টেনিছ সংস্থা আৰু অল ইণ্ডিয়া টেবুল-টেনিছ ফেডাৰেচনৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

(১) শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চতুৰ্থ বনলতা সংশোধিত সংস্কৰণ, ২০১৮।

(২) দি আছাম ট্ৰিবিউন বাতৰি কাকত।

(৩) অসমীয়া প্ৰতিদিন বাতৰি কাকত, ২০১৮, ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ ১৮ ডিচেম্বৰৰ সংখ্যাকেইটা।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]